Category: Articles

Essays, informative reads, opinion pieces, and educational writing contributed by various authors.

Is Playing with Balloons “Outdated”? The Golden Joy of Childhood Fading in the Age of Gen Alpha and Gen Beta

When we were children, the arrival of Durga Puja filled our hearts with excitement. A colourful balloon bought by our father could make us feel like the happiest children in the world. We enjoyed little competitions with our friends over whose balloon was bigger or more beautiful. But today, in the age of Gen Alpha and Gen Beta, many children seem more attracted to mobile phones than to balloons. Sadly, some children are even mocked as “outdated” for playing with them. Have we become so modern that we are forgetting the simple joys of childhood? Today, while passing by a Durga Puja pandal, I saw a couple walking happily with colourful balloons in their hands. I was surprised to see that people of our generation still have so much love for balloons! I even took a photograph of them from behind. Later, I spoke to a balloon seller and learned that his sales had not been good this year. His words touched my heart. A balloon may seem like a small thing to us, but for a local seller, every sale brings hope and helps put a smile on his family’s faces. Behind that simple balloon lies the struggle of someone trying to earn a living. Balloons are not just toys. Playing with them can help children develop hand-eye coordination, recognise colours, use their imagination and build social skills, while also bringing happiness to their hearts. Let us encourage Gen Alpha and Gen Beta to step away from mobile screens, play with balloons, laugh freely and enjoy the true beauty of childhood. Playing with balloons is never “outdated”—the simple joys of childhood are timeless. The charm of our old days will always remain special, and those memories will forever be precious. This Durga Puja, let us buy a balloon from a local seller and bring a little smile to his face.

Read More »
Articles
Sayed Maruf Hussain

‘বেকডেটেড’ নেকি বেলুন? জেন আলফা আৰু জেন বিটাৰ যুগত হেৰাই যাবলৈ ধৰা আমাৰ শৈশৱৰ সোণালী আনন্দ

আমি যেতিয়া সৰু আছিলোঁ, দুৰ্গা পূজা আহিলেই এটা ৰঙীন বেলুন পোৱাৰ আনন্দই মনটো ভৰাই তুলিছিল। দেউতাই এটা বেলুন কিনি দিলেই নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ যেন লাগিছিল। বন্ধুবোৰৰ মাজত কাৰ বেলুনটো বেছি ধুনীয়া, তাক লৈ চলা সৰু সৰু প্ৰতিযোগিতাবোৰৰ মজাই আছিল সুকীয়া। কিন্তু আজি জেন আলফা আৰু জেন বিটাৰ যুগত বহু শিশুৰ বাবে বেলুনতকৈ মোবাইলৰ আকৰ্ষণ বেছি। আনকি বেলুন লৈ খেলিলেও কিছুমান শিশুক ‘বেকডেটেড’ বুলি ঠাট্টা কৰা হয়। আমি আধুনিক হ’বলৈ গৈ শৈশৱৰ সৰল আনন্দবোৰ হেৰুৱাই পেলাইছোঁ নেকি? আজি দুৰ্গা পূজাৰ মণ্ডপৰ কাষেৰে আহি থাকোঁতে এহাল দম্পতীক হাতত ৰঙীন বেলুন লৈ হাঁহি-ধেমালি কৰি যোৱা দেখিলোঁ। দৃশ্যটো দেখি বিশ্বাসেই নহ’ল যে আমাৰ প্ৰজন্মৰ মানুহে আজিও বেলুনৰ প্ৰতি ইমান মৰম আৰু আকৰ্ষণ অনুভৱ কৰে! সেয়ে পিছফালৰ পৰা এখন ফটোও তুলিলোঁ। তাৰ পিছতে এজন বেলুন বিক্ৰেতাৰ সৈতে কথা পাতি জানিলোঁ যে এইবাৰ তেওঁৰ বেলুনৰ বিক্ৰী বৰ ভাল হোৱা নাই। কথাষাৰে মনটো সেমেকাই তুলিলে। আমাৰ বাবে এটা বেলুন সামান্য বস্তু হ’ব পাৰে, কিন্তু এজন বিক্ৰেতাৰ বাবে সেয়াই পৰিয়ালৰ মুখত হাঁহি বিৰিঙোৱাৰ আশা। বেলুন কেৱল খেলৰ সামগ্ৰী নহয়। ইয়াৰ সৈতে খেলিলে শিশুৰ হাত-চকুৰ সমন্বয়, ৰং চিনাৰ ক্ষমতা, কল্পনাশক্তি আৰু সামাজিক দক্ষতা বিকশিত হোৱাত সহায় হয়, লগতে মনতো আনন্দ বৃদ্ধি পায়। জেন আলফা আৰু জেন বিটাৰ প্ৰজন্মৰ শিশুসকলকো মোবাইলৰ পৃথিৱীৰ পৰা ওলাই আহি বেলুন লৈ খেলিবলৈ, হাঁহিবলৈ আৰু শৈশৱৰ প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ উৎসাহিত কৰোঁ আহক। বেলুন লৈ খেলাটো কেতিয়াও ‘বেকডেটেড’ নহয়। পুৰণি দিনৰ মাদকতাই সুকীয়া, সেই স্মৃতিবোৰ সদায় অমূল্য। আহক, এই পূজাত স্থানীয় বেলুন বিক্ৰেতাৰ পৰাও এটা বেলুন কিনি তেওঁৰ মুখত অলপ হাঁহি বিৰিঙাই দিওঁ।

Read More »

Durga Puja in Assam : While We Celebrate, a Poor Vendor Struggles to Find ₹100 to Return Home

Today, my heart is filled with sadness. A painful real-life experience has compelled me to write these words. For many years, a young man from Dhemaji has been visiting our home to sell Mekhela Chadors, the traditional dress of Assam. Every year, he comes with hope in his heart, dreaming of selling a few clothes and earning enough to support his family. But this Durga Puja, his hopes have been shattered. His sales were so poor that he did not even have enough money to return home. Finally, he had to ask us for just ₹100. His helplessness touched me deeply. He told me that people were no longer buying Mekhela Chadors from him because they could easily purchase them online. He has spent his life doing this small business and has no experience of any other work. Today, he is worried about how he will earn a living and feed his family. While the world is celebrating Durga Puja with lights, new clothes and happiness, this hardworking man is struggling even to find the money to go home. His story raises a painful question: Is this the price a small vendor must pay for trying to earn an honest living? Look at the changing world around us. Before Jio arrived, a recharge of just ₹10 could provide incoming call service for one month. Later, many people switched to Jio because of its free calling offers. Today, in many cases, keeping mobile services active requires a monthly recharge of around ₹200. This reminds us that things that seem cheap or free today may become costly tomorrow. Similarly, if we allow our local businesses to disappear because of online offers and low prices, who knows what difficulties we may face in the future? There is nothing wrong with online shopping. It is convenient and often offers good prices. But we must not forget the small shopkeepers and travelling vendors who depend on our purchases to feed their families. For them, this is not just a business. It is their livelihood, their self-respect and their hope for a better future. This Durga Puja, while we enjoy the festival and buy new clothes, let us spare a thought for those who are struggling to survive. Behind every small vendor, there may be a family waiting for him to return home with some earnings. A business that seems small to us may be the only source of food and hope for an entire family. Let us not allow the convenience of online shopping to make us forget the pain of those who earn their living through hard work. Because when a small business dies, it is not just a business that disappears—someone’s dreams, livelihood and hope may disappear with it.

Read More »

দুৰ্গা পূজাৰ আনন্দৰ আঁৰত এজন স্থানীয় ব্যৱসায়ীৰ নীৰৱ কান্দোন

আজি মনটো বৰ গধুৰ হৈ পৰিল। বুকুখন বিষাই যোৱা এটা বাস্তৱ অভিজ্ঞতাই মোক এই লেখাটো লিখিবলৈ বাধ্য কৰিলে। বহু বছৰ ধৰি আমাৰ ঘৰলৈ ধেমাজিৰ ফালৰ পৰা এজন যুৱক মেখেলা-চাদৰ বিক্ৰী কৰিবলৈ আহে। প্ৰতিবছৰে পূজাৰ বতৰত তেওঁ আশাৰে আহে—কেইটামান কাপোৰ বিক্ৰী হ’ব, দুপইচা উপাৰ্জন হ’ব, পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিব। কিন্তু এইবাৰ তেওঁৰ ব্যৱসায় একেবাৰে বেয়া। মেখেলা-চাদৰ বিক্ৰী নোহোৱাত ঘৰলৈ উভতি যাবলৈও তেওঁৰ হাতত টকা নোহোৱা হ’ল। অৱশেষত আমাৰ ঘৰৰ পৰা ১০০ টকা বিচাৰি ল’লে। তেওঁৰ দুখভৰা কথাবোৰ শুনি সঁচাকৈয়ে মনটো ভাগি পৰিল। তেওঁৰ ভাষ্য অনুসৰি, অনলাইনত মেখেলা-চাদৰ পোৱাৰ বাবে এইবাৰ তেওঁৰ পৰা কোনেও কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। জীৱনত আন কোনো কামো কৰি পোৱা নাই। এতিয়া তেওঁ কেনেকৈ চলিব, কি খাই জীয়াই থাকিব—সেই চিন্তাই তেওঁক দিশহাৰা কৰি তুলিছে। পূজাৰ বতৰত চৌদিশে আনন্দৰ পোহৰ, কিন্তু এই মানুহজনৰ জীৱনত যেন হতাশাৰ এন্ধাৰ নামি আহিছে! আজিৰ অনলাইন মাৰ্কেটিঙৰ আকৰ্ষণীয় অফাৰ আৰু কম দামৰ প্ৰতিযোগিতাই বহু স্থানীয় দোকানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱিকালৈ প্ৰশ্নচিহ্ন কঢ়িয়াই আনিছে। এবাৰ জিঅ’ৰ কথাই ভাবকচোন—জিঅ’ অহাৰ আগতে ১০ টকা ৰিচাৰ্জ কৰিলেও এমাহৰ বাবে ইনকামিং কলৰ সুবিধা পাইছিলোঁ। পিছত বিনামূলীয়া কলৰ আকৰ্ষণত বহুতে জিঅ’ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আজি ইনকামিংৰ সুবিধা পাবলৈও মাহে প্ৰায় ২০০ টকাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়। সময়ৰ লগে লগে সুবিধাৰ চৰিত্ৰ সলনি হ’ব পাৰে; তেন্তে আজি কম দামৰ আকৰ্ষণত আমি নিজৰ ওচৰৰ ব্যৱসায়ীসকলক হেৰুৱাই পেলালে, কাইলৈ তাৰ মূল্য কোনে ভৰিব? এই দুৰ্গা পূজাত এফালে আমি নতুন কাপোৰ পিন্ধি আনন্দ কৰিছোঁ, আনফালে এজন ব্যৱসায়ীয়ে ঘৰলৈ উভতি যাবলৈও ১০০ টকা বিচাৰিবলগীয়া হৈছে। এই বৈপৰীত্যই আমাক এবাৰ হ’লেও ভাবিবলৈ বাধ্য নকৰেনে? অনলাইন বজাৰৰ সুবিধা লোৱাত আপত্তি নাই, কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ স্থানীয় দোকান-পোহাৰ আৰু ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মানুহখিনিৰ কথাও আমি এবাৰ ভাবি চোৱা উচিত। কাৰণ, তেওঁলোকৰ বাবে এই ব্যৱসায় কেৱল উপাৰ্জনৰ পথ নহয়—এয়াই তেওঁলোকৰ জীৱন, আত্মসন্মান আৰু পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ ভৰসা হ’ব পাৰে।

Read More »
Articles
Sayed Maruf Hussain

বনবাসত আজান পীৰ চাহেবৰ জিকিৰ | An Article by Syed Maruf at Inkwell

আজিৰ পৰা ডেৰকুৰি বছৰমানৰ আগলৈকে উজনি অসমৰ গাঁ‌ওবোৰত এজন বা দুজন জিকিৰৰ ওজা থকাৰ লগতে কিছুসংখ্যক পালি বা সহযোগী আছিল, যিসকলে গাঁ‌ৱৰ কোনোবা মানুহৰ আমন্ত্ৰণক্ৰমে,গাঁ‌ৱত মানুহ ঢুকালে / বিয়া বা অন্য কোনো মাংগলিক কামত সমূহীয়া ভাৱে জিকিৰ পৰিৱেশন কৰাটো এক পৰম্পৰাগত নিয়ম আছিল । তাৰো বহু বছৰৰ আগৰে পৰা আজান পীৰ বিৰচিত জিকিৰবোৰ লিখি মুখস্থ কৰিব নাপায় বোলা এক ধাৰণাৰ বশৱৰ্তী হৈ মানুহে মৌখিকভাবে ইজনে সিজনৰ পৰা শুনি মুখস্থ ৰাখি পৰিৱেশন কৰিছিল । শতিকা গৰকি এইদৰে মুখে মুখে চলি অহা জিকিৰবোৰক প্ৰথমবাৰৰ বাবে কিতাপ আকাৰত প্ৰকাশ কৰিছিল প্ৰয়াত মুহিবুল হুচেইন চাহেবে ।১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক – সাহিত্য গৱেষণা বিভাগে সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিক চাহেবৰ সম্পাদনাত জিকিৰ আৰু জাৰী নামৰ গ্ৰন্থ প্ৰকাশ কৰি জিকিৰ আৰু জাৰীক এক বিশেষ গতি প্ৰদান কৰে । আজান পীৰ চাহেবৰ সৃষ্টি তথা আমাৰ সংস্কৃতিক শ্ৰদ্ধাৰে – একতাৰা,কৰ্তাল ব্যৱহাৰ কৰি সুৰৰ ব্যাকৰণ পাহৰি কৰা আল্লাহৰ জিকিৰ যেন আজি বনবাসত৷ হাৰমোনিয়াম, বাঁহী, দুতাৰা আৰু দগৰৰ মধুৰ ব্যাকৰণেৰে একেখিনি কথাকে গীত আকাৰত গালেহে যেন নেদেখাজন সন্তুষ্ট হব তাৰেই শ্ৰেষ্ঠজন হোৱাৰ যুঁজত শিল্পী আৰু অনাতাঁৰ শিল্পীসকলে যাত্ৰা কৰিছে এক গভীৰ বনত৷ অন্যহাতে একুৰি বা তাতোধিক জিকিৰ মুখস্থ ৰখি ওজা উপাধী পোৱাসকল হেৰাই গ’ল কালচক্ৰত৷ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে অসমখনক শংকৰ আজানৰ দেশ বুলি নকৈ শংকৰ মাধৱৰ দেশবুলি কোৱাত যিসকলৰ তেজ গৰম হৈছিল তেওঁলোকৰ অধিকাশংই জিকিৰ আৰু জাৰীৰ পাৰ্থক্য জনাতো দূৰৰে কথা সামাজিক মাধ্যমত পৰম্পৰাগত সুৰ, তালত গোৱা জিকিৰ এটা পালেও সেই জিকিৰটোক কোনোদিনে শ্বেয়াৰ কৰিব লাগে বুলিও নাভাবে ৷ সেই সকলৰ বহুতেই আকৌ আজান পীৰৰ নামত প্ৰতিষ্ঠা কৰিব খোজা আজান পীৰ ক্ষেত্ৰখন গুৱাহাটীত হ’ব লাগে বুলি চৰকাৰক দাবী জনায় । কাৰণটো হ’ল অসজস্ন পীৰ ক্ষেত্ৰখন গুৱাহাটীতে হ’লে ৰাজনৈতিক নেতাসকলৰ লগত একেলগে ফটো তুলি সেই ফটো প্ৰচাৰেৰে ৰাইজৰ মাজত নিজেকে মুছলমানৰ নেতা বুলি প্ৰতিপন্ন কৰাৰ সুযোগ পাব ৷ বহুতো সংগঠন আছে যিবোৰ সংগঠনে কৰ্মশালা আৰু প্ৰতিযোগিতাৰ মাধ্যমেৰে জিকিৰক আগুৱাই নিয়াৰ আপ্ৰাণ চেষ্টা কৰে যদিও বহুসময়ত কৰ্মশালাৰ গুৰুসকলে তিনিদিনতে হাতী মাৰি ভুৰুকাত ভৰাব খুজি কেতিয়া একোজনকৈ বাথৰুম চিংগাৰ সৃষ্টি কৰি দিয়ে সেই কথা গমকেই নাপায় ৷ এটা জিকিৰত আছে,”আজানপীৰ চাহেবে এই জিকিৰ ৰচিলে কোৰাণ কিতাপত পাই” — সমগ্ৰ মানৱ জাতিৰ ওপৰত অৱতীৰ্ণ হোৱা আচমানী কিতাপ অৰ্থাৎ কোৰাণৰ কথা কওঁতে নিজৰ পোছাকযোৰ কেনেকুৱা হোৱা দৰকাৰ তাকো বহুতো গুৰুৱে কৰ্মশালাত শিকাব লাগে বুলি নাভাবে ৷ বৰগীত গাওঁতে যেনেকৈ পৰম্পৰাগত ধৰ্মীয় সাজ-পোছাক পিন্ধি লোৱাটো জৰুৰী, তেনেকৈ জিকিৰৰ ক্ষেত্ৰতো উচিত পোছাক পিন্ধিব লগা কথাটো জৰুৰী নহয়নে ? উচিত পোছাক বুলি কওঁতে বহুতে পুৰুষে বগা কুৰ্তা, পাইজামা আৰু মহিলাই বোৰ্খা বা হিজাব পিন্ধিব লাগিব বুলি ধাৰণা কৰি ল’ব পাৰে । যদি সেয়াই সঁচা হয় তেন্তে আজান পীৰ চাহেবে সুদূৰ বাগদাদৰ পৰা পদব্ৰজে আহি অসমীয়া শিকি জিকিৰ সমূহ অসমীয়াত ৰচনা নকৰি আৰৱী ভাষাতে জিকিৰ ৰচনা কৰি বিলাই নিদিলেহেতেন নে ? নামাজ পঢ়োতে যেনেকৈ যিকোনো ৰঙৰ কাপোৰেই নহওক আঠুৰ তললৈ আৰু হাতৰ কিলাকুটিলৈ পৰিধান কৰাতো জৰুৰী তেনেকৈয়ে কাপোৰ পিন্ধি জিকিৰ গাব নোৱাৰি জানো ? আনহাতে প্ৰতিযোগিতা সমূহত কেতিয়াবা আকৌ কোনো কোনো বিচাৰকে নিজৰ ঘৰৰ বিয়াৰ খানা নিজৰ ঘৰৰ মানুহৰ মাজতেই বিলাই দিয়াৰ ভূমিকা পালন কৰা দেখা যায় ৷ ছকুৰি/ আঠকুৰি জিকিৰৰ ভিতৰত দহটা জিকিৰ সম্পূৰ্ণ মুখস্থ গাব জনা মানুহ বৰ্তমান বিচাৰি পাবলৈ টান ৷ ব্যাকৰণ সহ বহু জিকিৰক জিকিৰ গীতলৈ অনাতাঁৰ শিল্পী ৰেকিবুদ্দিন আহমেদ চাহেবে নিছিল যদিও তাৰে ১৫ টা মানহে প্ৰচাৰ হোৱা দেখা যায় ৷ অধিকাংশ জিকিৰত আকৌ Copyright লগোৱাই এচাম লোকে বেপাৰ কৰি মুনাফা লুটি থকা ৰাইজে নেদেখা নহয় । জিকিৰ সমূহ যিহেতু অসমীয়া সংস্কৃতিৰ অংগ সেয়ে আমি মাদ্ৰাছাসমূহত কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ পুৰণি সুৰত মাহে এটাকৈ অৰ্থাৎ বাৰ মাহত বাৰটা জিকিৰ ৰাতিপুৱাৰ প্ৰাৰ্থনাত গোৱাই আমাৰ সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰোনে ? নহ’লে বাহিৰৰ পৰা অহা ইমামসকলে কেৱল নাতে ৰচুলক বাহাল ৰাখি আমাৰ জিকিৰক বেদাত / চিৰিক আখ্যা দি আমাৰ সংস্কৃতিক শেষ কৰি নিদিবনে ? সেয়ে, শেষত ক’ব বিচাৰিছোঁ, “ধৰ্ম আৰু সংস্কৃতি দুটা পৃথক বিষয় । দুয়োটাকে সমানে আগুৱাই লৈ যাব পাৰিলেহে এখন সুন্দৰ সমাজ গঢ়িব পৰা যাব । আমি যদি এতিয়াও সজাগ নহওঁ‌ তেনেহ’লে আমাৰ বনবাসত থকা জিকিৰ সংস্কৃতিক বনতে কিছুমান শিল্পী নামধাৰী বাঘে খাই শেষ কৰি পেলাবলৈ বেছি দিন বাট চাব নালাগিব । যিটো আমাৰ বাবে কেতিয়াও শুভ লক্ষণ নহয় ।

Read More »

Have a Story, Guide, or Perspective to Share?

We publish original articles and guides on education, technology, and study strategies. Whether you are a teacher, student, or passionate writer, get your voice heard and feature your byline on Inkwell.