আজি মনটো বৰ গধুৰ হৈ পৰিল। বুকুখন বিষাই যোৱা এটা বাস্তৱ অভিজ্ঞতাই মোক এই লেখাটো লিখিবলৈ বাধ্য কৰিলে।

বহু বছৰ ধৰি আমাৰ ঘৰলৈ ধেমাজিৰ ফালৰ পৰা এজন যুৱক মেখেলা-চাদৰ বিক্ৰী কৰিবলৈ আহে। প্ৰতিবছৰে পূজাৰ বতৰত তেওঁ আশাৰে আহে—কেইটামান কাপোৰ বিক্ৰী হ’ব, দুপইচা উপাৰ্জন হ’ব, পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিব। কিন্তু এইবাৰ তেওঁৰ ব্যৱসায় একেবাৰে বেয়া। মেখেলা-চাদৰ বিক্ৰী নোহোৱাত ঘৰলৈ উভতি যাবলৈও তেওঁৰ হাতত টকা নোহোৱা হ’ল। অৱশেষত আমাৰ ঘৰৰ পৰা ১০০ টকা বিচাৰি ল’লে। তেওঁৰ দুখভৰা কথাবোৰ শুনি সঁচাকৈয়ে মনটো ভাগি পৰিল। তেওঁৰ ভাষ্য অনুসৰি, অনলাইনত মেখেলা-চাদৰ পোৱাৰ বাবে এইবাৰ তেওঁৰ পৰা কোনেও কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। জীৱনত আন কোনো কামো কৰি পোৱা নাই। এতিয়া তেওঁ কেনেকৈ চলিব, কি খাই জীয়াই থাকিব—সেই চিন্তাই তেওঁক দিশহাৰা কৰি তুলিছে। পূজাৰ বতৰত চৌদিশে আনন্দৰ পোহৰ, কিন্তু এই মানুহজনৰ জীৱনত যেন হতাশাৰ এন্ধাৰ নামি আহিছে!
আজিৰ অনলাইন মাৰ্কেটিঙৰ আকৰ্ষণীয় অফাৰ আৰু কম দামৰ প্ৰতিযোগিতাই বহু স্থানীয় দোকানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱিকালৈ প্ৰশ্নচিহ্ন কঢ়িয়াই আনিছে। এবাৰ জিঅ’ৰ কথাই ভাবকচোন—জিঅ’ অহাৰ আগতে ১০ টকা ৰিচাৰ্জ কৰিলেও এমাহৰ বাবে ইনকামিং কলৰ সুবিধা পাইছিলোঁ। পিছত বিনামূলীয়া কলৰ আকৰ্ষণত বহুতে জিঅ’ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আজি ইনকামিংৰ সুবিধা পাবলৈও মাহে প্ৰায় ২০০ টকাৰ ৰিচাৰ্জ কৰিবলগীয়া হয়। সময়ৰ লগে লগে সুবিধাৰ চৰিত্ৰ সলনি হ’ব পাৰে; তেন্তে আজি কম দামৰ আকৰ্ষণত আমি নিজৰ ওচৰৰ ব্যৱসায়ীসকলক হেৰুৱাই পেলালে, কাইলৈ তাৰ মূল্য কোনে ভৰিব?
এই দুৰ্গা পূজাত এফালে আমি নতুন কাপোৰ পিন্ধি আনন্দ কৰিছোঁ, আনফালে এজন ব্যৱসায়ীয়ে ঘৰলৈ উভতি যাবলৈও ১০০ টকা বিচাৰিবলগীয়া হৈছে। এই বৈপৰীত্যই আমাক এবাৰ হ’লেও ভাবিবলৈ বাধ্য নকৰেনে?
অনলাইন বজাৰৰ সুবিধা লোৱাত আপত্তি নাই, কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ স্থানীয় দোকান-পোহাৰ আৰু ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মানুহখিনিৰ কথাও আমি এবাৰ ভাবি চোৱা উচিত। কাৰণ, তেওঁলোকৰ বাবে এই ব্যৱসায় কেৱল উপাৰ্জনৰ পথ নহয়—এয়াই তেওঁলোকৰ জীৱন, আত্মসন্মান আৰু পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ ভৰসা হ’ব পাৰে।