টেলিগ্ৰাম হেৰাই গ’ল, এদিন বাতৰি কাকতো হেৰাই যাব নেকি?

Verified Author

কেতিয়াবা অচিনাকি মানুহৰ এষাৰ কথাই মন চুই যায়। এদিন ৰাতিপুৱা এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। এগৰাকী মহিলাই ক’লে, “আপোনাৰ বেলুনৰ ওপৰত লিখা লেখাটো পঢ়ি বৰ ভাল লাগিল। মই দীঘলীয়া লেখা পঢ়িব নোৱাৰোঁ, চকুৱে আমনি কৰে। আপোনাৰ লেখাটো চুটি কাৰণে পঢ়ি চালোঁ।” কথাৰ মাজতে তেওঁৰ বয়স সুধিলোঁ। হাঁহি মাৰি ক’লে, “মাত্ৰ ৮৭ বছৰ!” কথাষাৰ শুনি সঁচাকৈয়ে আচৰিত হ’লোঁ। ইমান বয়সতো আনৰ লেখা পঢ়ি নিজে ফোন কৰি লেখকক উৎসাহ দিয়াৰ মানসিকতা! তেওঁ পুৰণি দিনৰ কথাও ক’লে। আগতে বাতৰি কাকতত কোনোবাই কিবা লিখিলে, পঢ়ি ভাল পালে পইচা খৰচ হ’লেও ফোন কৰি উৎসাহ দিছিল। তাৰ পাছত টেলিগ্ৰামৰ কথা উলিয়াই ক’লে, আগতে গাঁৱত টেলিগ্ৰাম আহিলেই মানুহে কাৰোবাৰ মৃত্যুৰ খবৰ অহা বুলি ভাবিছিল। সৰুতে তেওঁ হেনো ভাবিছিল, টেলিগ্ৰাম আহিলেই কান্দিব লাগিব! আজি সেই টেলিগ্ৰাম নাই। কিন্তু তেওঁৰ কথাই মোৰ মনত এটা প্ৰশ্ন জগাই তুলিলে—টেলিগ্ৰামৰ দৰে এদিন বাতৰি কাকতখনো হেৰাই যাব নেকি?

এসময়ত ফোন কৰিবলৈ প্ৰতিটো মিনিটৰ বাবে পইচা দিব লাগিছিল। তথাপিও মানুহে আনৰ লেখা পঢ়ি ভাল লাগিলে ফোন কৰি প্ৰশংসা কৰিবলৈ কৃপণালি কৰা নাছিল। আজি সীমাহীন ফোন কৰাৰ সুবিধা থকাৰ পাছতো কাৰোবাৰ লেখা পঢ়ি ভাল লাগিলে এটা ফোন কৰি এষাৰ ভাল কথা ক’বলৈ আমাৰ কিয় ইমান কৃপণালি? প্ৰশংসা কৰিলে আমাৰনো কি ক্ষতি হ’ব? নে আজিকালি আমি ইমানেই নিজৰ কথা আৰু নিজৰ কামক লৈ ব্যস্ত যে আনৰ ভাল কামক স্বীকাৰ কৰিবলৈও পাহৰি গৈছোঁ? আনৰ সফলতাত আনন্দিত হোৱাৰ সলনি ঈৰ্ষা কৰোঁ নেকি? সেইবাবেই ময়ো আনৰ দৰে নিজৰ লেখাৰ কাটিং সামাজিক মাধ্যমত বিলাই ফুৰোঁ, হয়তো এষাৰ প্ৰশংসাৰ আশাত। অথচ এজন লেখকৰ বাবে পাঠকৰ এটা ফোন, এটা আন্তৰিক বাক্যই হাজাৰটা লাইকৰ সমান আনন্দ দিব পাৰে। কাৰণ, কলমেৰে লিখা কথাবোৰৰ সঁচা মূল্য তেতিয়াহে অনুভৱ হয়, যেতিয়া কোনোবাই সেইবোৰ পঢ়ি হৃদয়ত ঠাই দিয়ে।

এসময়ত পুৱাৰ চাহৰ কাপটোৰ সৈতে বাতৰি কাকত পঢ়াটো আছিল আমাৰ দৈনন্দিন জীৱনৰ এক সুন্দৰ অভ্যাস। দহ টকা খৰচ কৰি কাকত কিনি পঢ়াৰ মাজতো আছিল এক সুকীয়া আনন্দ। আজি মোবাইলৰ পৰ্দাই সেই ঠাই লাহে লাহে দখল কৰিছে। নতুন প্ৰজন্মৰ বহুতে কাকত পঢ়াতকৈ অনলাইনত বাতৰি চাবলৈহে ভাল পায়। প্ৰযুক্তিৰ পৰিৱৰ্তন আমি মানি ল’ব লাগিব, কিন্তু তাৰ বাবে পঢ়াৰ অভ্যাসটো হেৰাই যাব লাগিবনে? টেলিগ্ৰাম অতীত হ’ল, বাতৰি কাকতো এদিন অতীত হৈ পৰিব নেকি? ৮৭ বছৰীয়া মহিলাগৰাকীৰ ফোনটোৱে মোক বহু কথা ভাবিবলৈ বাধ্য কৰিলে। আহক, কাকত কিনোঁ, পঢ়োঁ আৰু আনৰ ভাল কামক অন্তৰেৰে প্ৰশংসা কৰোঁ। কাৰণ, এজন লেখকৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ হ’ল পাঠকৰ মৰম।

Facebook
WhatsApp
LinkedIn
X
Threads