সোণৰ দাম এক লাখলৈ নামিব, নে দুই লাখ পাৰ হ’ব? প্ৰযুক্তিৰ হাতত হাৰ মানিব নেকি সোণৰ গৰিমা?

Verified Author

সোণ কেৱল এবিধ মূল্যৱান ধাতু নহয়; ই মানুহৰ সপোন, আৱেগ, সঞ্চয় আৰু পাৰিবাৰিক মৰ্যাদাৰ প্ৰতীক। যোৱা এবছৰত যুদ্ধ, ৰাজনৈতিক অস্থিৰতা, খাৰুৱা তেলৰ দাম, ডলাৰৰ উঠা-নমা, বস্তুৰ দাম বৃদ্ধি আৰু বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকে সোণ ক্ৰয় কৰাৰ ফলত সোণৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। কিন্তু এতিয়া হঠাতে দাম কমি অহাত নতুন চৰ্চা আৰম্ভ হৈছে। বহুতে অনুমান কৰিছে, সোণৰ দাম প্ৰতি ১০ গ্ৰামত এক লাখ টকালৈ নামিব পাৰে; আন কিছুমানে পুনৰ দুই লাখ টকা পাৰ হোৱাৰ আশংকা কৰিছে। এসময়ত এখন দেশৰ মুদ্ৰাৰ মূল্য দেশখনৰ সোণৰ ভঁৰালৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। সোণ আছিল অৰ্থনৈতিক শক্তিৰ প্ৰতীক। আজি সেই সোণৰ ভৱিষ্যতক লৈ প্ৰশ্ন উঠিছে—প্ৰযুক্তিয়ে জানো সোণৰ গৰিমা সলনি কৰিব পাৰিব?

ইতিহাসে কয়, এসময়ত এলুমিনিয়াম ইমান দামী আছিল যে ৰজা-মহাৰাজাসকলে সন্মানীয় অতিথিসকলক এলুমিনিয়ামৰ বাচনেৰে আপ্যায়ন কৰি নিজৰ মৰ্যাদা প্ৰকাশ কৰিছিল। কিন্তু ১৮৮৬ চনত এলুমিনিয়াম সুলভভাৱে উৎপাদনৰ নতুন পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছত ইয়াৰ দাম কমি আহিল। এতিয়া আমেৰিকাৰ Marathon Fusion নামৰ প্ৰতিষ্ঠানটোৱে পাৰাৰ বিশেষ সমস্থানিক Mercury-198 ব্যৱহাৰ কৰি নিউক্লীয় প্ৰক্ৰিয়াৰে সোণ উৎপাদনৰ সম্ভাৱনাৰ কথা কৈছে। তেওঁলোকৰ প্ৰস্তাৱ অনুসৰি, ভৱিষ্যতে বৃহৎ ফিউজন প্ৰকল্পৰ পৰা বছৰি প্ৰায় দুই টন সোণ উৎপাদনৰ সম্ভাৱনা আছে। কিন্তু এয়া এতিয়ালৈকে বাস্তৱ বাণিজ্যিক উৎপাদন নহয়; প্ৰকল্পটো কাৰ্যকৰী হোৱাও বাকী। উৎপাদিত সোণৰ তেজস্ক্ৰিয়তা আৰু সুৰক্ষাৰ প্ৰশ্নও আছে।আনহাতে, এলুমিনিয়াম প্ৰকৃতিৰ বুকুত যথেষ্ট পৰিমাণে পোৱা যায়, কিন্তু সোণ তুলনামূলকভাৱে অতি দুৰ্লভ। সেয়ে কৃত্ৰিম সোণৰ গৱেষণাই ভৱিষ্যতে বজাৰত প্ৰভাৱ পেলাব পাৰিলেও এতিয়াই দাম ভাঙি পৰিব বুলি ক’ব নোৱাৰি।

আনহাতে, ভাৰতকে ধৰি বহু দেশে বিদেশত থকা নিজৰ সোণ ঘূৰাই আনিছে আৰু কেন্দ্ৰীয় বেংকসমূহে নতুনকৈও সোণ ক্ৰয় কৰিছে। ইয়াৰ ফলত বজাৰত চাহিদা আৰু বিনিয়োগকাৰীৰ মনোভাবৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কিন্তু দাম কমিলে অধিক দামত সোণ কিনা বিনিয়োগকাৰীৰ চিন্তা বাঢ়িব, আৰু দাম বাঢ়িলে সাধাৰণ মানুহৰ কষ্ট বৃদ্ধি পাব। দিন-ৰাতি পৰিশ্ৰম কৰি জীয়ৰীৰ বিয়াৰ বাবে অলপ সোণ কিনাৰ সপোন দেখা দুখীয়া পিতৃ-মাতৃৰ বুকুৰ বেদনা কোনে বুজিব? সোণৰ দাম দুই লাখ টকা পাৰ হ’লে তেওঁলোকে জীয়ৰীক মৰমৰ উপহাৰ এডাল চেইন বা এযোৰ কাণফুলি দিবলৈও অসহায় হৈ পৰিব নেকি? ভৱিষ্যতে কৃত্ৰিম সোণ উৎপাদন সুলভ হ’লে বজাৰৰ ছবিখন সলনি হ’ব পাৰে, কিন্তু তাৰ কোনো নিশ্চিত সময়সীমা নাই। সোণৰ দাম এক লাখলৈ নামিব নে দুই লাখ পাৰ হ’ব, সেয়া সময়েহে ক’ব।

Facebook
WhatsApp
LinkedIn
X
Threads