সেন্দুৰীয়া আলিৰে বাট বুলি

সুন্দৰ আৰু সৃষ্টিৰ সন্ধানত ঘূৰি ফুৰোঁতে অংকুৰিত হয় মানৱতাৰ বীজ। এই মানৱতাৰ বীজ
পিছলৈ এজোপা বৰগছ হৈ মানুহক ছী দিয়ে, জীৱকুলক আশয় দিয়ে। এনে এগৰাকী মানৱদৰদী
জীৱন জিজ্ঞাসাৰ সাধক আছিল চৈয়দ নিজামুল হক। ১৯৫৭ চনত গোলাঘাটত জন্ম লাভ কৰা এই
মহান ব্যক্তিজনে পিছলৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে।

গুৱাহাটীলৈ আহি তেখেতে কাহিলিপাৰাত থাকিবলৈ লয়। ১৯৯৭ চনতে প্ৰেছৰ কামত
যাওঁতে মোৰ লগত চিনাকি হৈছিল মানুহজনৰ লগত। দুচকুত তীক্ষু দৃষ্টি আৰু বাক্‌ পটুতাই মোক
আকৰ্ষিত কৰিছিল মানুহজনৰ প্রতি। মই তেতিয়া “সাপ্তাহিক নাগৰিক” কাকতত উপ-সম্পাদক
হিচাপে কাম কৰিছিলোঁ। সময় পালে দুয়োজনে প্ৰেছৰ কাম আৰু বিভিন্ন বিষয়ৰ লিখা-মেলাৰ কথা
পাতিছিলো। অতি যুক্তি আৰু বিজ্ঞান সন্মত দৃষ্টিৰে কামত হাত দিছিল মানুহজনে। সাধনা আৰু
একান্ত ধৈযাৰে এটা সাধাৰণ প্রেছ খুলি এদিন সদৌ অসম ক্ষুদ্ৰ ছপাশাল স্বত্বাধিকাৰী সন্থাৰ
প্রতিষ্ঠাপক সম্পাদকৰ দায়িত্বও বহন কৰিছিল। সমাজ চিন্তাৰ বাহক আছিল তেখেত। ক’ৰনা
মহামাৰীৰ সময়ত পাৰ্যমানে মানুহক তেখেতে সহায় কৰিছিল। বেলতলাস্থ শংকৰদেৱ শিশুনিকেতনৰ
দুখীয়া ছাত্র বাবেও তেখেতে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছিল। বি. এ. ডিগ্ৰীধাৰী এজন ব্যক্তিয়ে
এদিন প্ৰেছৰ জীৱিকাত সফলতা লাভ কৰাটোও অধ্যৱসায়ৰ নিদৰ্শন বুলি ক’ব পাৰি। কাহিলিপাৰাৰ
ডি. পি. আইৰ ওচৰত থকা মানৱ কল্যাণ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে হক ডাঙৰীয়া
সৰ্বাংগীণভাৱে জড়িত আছিল। শিক্ষা আৰু সামাজিক চেতনাৰে দায়বদ্ধতা লৈ ছাত্ৰসমাজৰ বাবে
প্রকাশ কৰা ‘বিজ্ঞেয়’, ‘দাপোণ’ আৰু ‘দাপোণ পৰিপূৰিকা’ পুথিকেইখন তেখেতৰ জীৱনৰ অন্যতম
অৱদান। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে সামাজিকভাৱে বঁটাও লাভ কৰিছে। জীৱনৰ
আবেলি নৌ পাওঁতে তেখেতৰ জীৱনলৈ আহিল সেই মাৰাত্মক দুৰাৰোগ্যটো। হঠাৎ বেলিটো হেৰাই
গ’ল মেঘৰ আঁৰত। তথাপি আমি হক ডাঙৰীয়াৰ মহানতাক পাহৰিব নোৱাৰো। দুবছৰ প্রত্যাহ্থান
হিচাপে জীৱন সাৱটি ২০২১ চনৰ ১৯ অক্টোবৰ তাৰিখত মানুহজন গ’লগৈ চিৰদিনৰ বাবে। দুই
পুত্ৰ-কন্যা আৰু ভাৰ্যাক এৰি থৈ বেহেক্তলৈ গুচি গ’ল মানুহজন। তেখেতৰ আত্মাই চিৰশান্তি লাভ
কৰক।

ৰঞ্জিত শৰ্মা,
শিক্ষক শংকৰদেৱ বিদ্যা নিকেতন, বেলতলা।

Dapoon Poripurika is now Available

See our published books online. 

Procuring education on consulted assurance in do. Is sympathize he expression mr no travelling. Preference he he at travelling in resolution. So striking at of to welcomed resolved. Northward by described up household therefore attention. Excellence decisively nay man yet impression for contrasted remarkably. 

Thanks for Reading Our Blogs.

At inkwell we curate new blogs everyday related to education. If you want to post blogs on our website. Send us your Article at asssamschoolofeducation@gmail.com for free.

Lets Get
to know you Better!