‘বেকডেটেড’ নেকি বেলুন? জেন আলফা আৰু জেন বিটাৰ যুগত হেৰাই যাবলৈ ধৰা আমাৰ শৈশৱৰ সোণালী আনন্দ

Verified Author

আমি যেতিয়া সৰু আছিলোঁ, দুৰ্গা পূজা আহিলেই এটা ৰঙীন বেলুন পোৱাৰ আনন্দই মনটো ভৰাই তুলিছিল। দেউতাই এটা বেলুন কিনি দিলেই নিজকে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ যেন লাগিছিল। বন্ধুবোৰৰ মাজত কাৰ বেলুনটো বেছি ধুনীয়া, তাক লৈ চলা সৰু সৰু প্ৰতিযোগিতাবোৰৰ মজাই আছিল সুকীয়া। কিন্তু আজি জেন আলফা আৰু জেন বিটাৰ যুগত বহু শিশুৰ বাবে বেলুনতকৈ মোবাইলৰ আকৰ্ষণ বেছি। আনকি বেলুন লৈ খেলিলেও কিছুমান শিশুক ‘বেকডেটেড’ বুলি ঠাট্টা কৰা হয়। আমি আধুনিক হ’বলৈ গৈ শৈশৱৰ সৰল আনন্দবোৰ হেৰুৱাই পেলাইছোঁ নেকি?

আজি দুৰ্গা পূজাৰ মণ্ডপৰ কাষেৰে আহি থাকোঁতে এহাল দম্পতীক হাতত ৰঙীন বেলুন লৈ হাঁহি-ধেমালি কৰি যোৱা দেখিলোঁ। দৃশ্যটো দেখি বিশ্বাসেই নহ’ল যে আমাৰ প্ৰজন্মৰ মানুহে আজিও বেলুনৰ প্ৰতি ইমান মৰম আৰু আকৰ্ষণ অনুভৱ কৰে! সেয়ে পিছফালৰ পৰা এখন ফটোও তুলিলোঁ। তাৰ পিছতে এজন বেলুন বিক্ৰেতাৰ সৈতে কথা পাতি জানিলোঁ যে এইবাৰ তেওঁৰ বেলুনৰ বিক্ৰী বৰ ভাল হোৱা নাই। কথাষাৰে মনটো সেমেকাই তুলিলে। আমাৰ বাবে এটা বেলুন সামান্য বস্তু হ’ব পাৰে, কিন্তু এজন বিক্ৰেতাৰ বাবে সেয়াই পৰিয়ালৰ মুখত হাঁহি বিৰিঙোৱাৰ আশা।

বেলুন কেৱল খেলৰ সামগ্ৰী নহয়। ইয়াৰ সৈতে খেলিলে শিশুৰ হাত-চকুৰ সমন্বয়, ৰং চিনাৰ ক্ষমতা, কল্পনাশক্তি আৰু সামাজিক দক্ষতা বিকশিত হোৱাত সহায় হয়, লগতে মনতো আনন্দ বৃদ্ধি পায়। জেন আলফা আৰু জেন বিটাৰ প্ৰজন্মৰ শিশুসকলকো মোবাইলৰ পৃথিৱীৰ পৰা ওলাই আহি বেলুন লৈ খেলিবলৈ, হাঁহিবলৈ আৰু শৈশৱৰ প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ উৎসাহিত কৰোঁ আহক। বেলুন লৈ খেলাটো কেতিয়াও ‘বেকডেটেড’ নহয়। পুৰণি দিনৰ মাদকতাই সুকীয়া, সেই স্মৃতিবোৰ সদায় অমূল্য। আহক, এই পূজাত স্থানীয় বেলুন বিক্ৰেতাৰ পৰাও এটা বেলুন কিনি তেওঁৰ মুখত অলপ হাঁহি বিৰিঙাই দিওঁ।

Facebook
WhatsApp
LinkedIn
X
Threads