আজিৰ পৰা ডেৰকুৰি বছৰমানৰ আগলৈকে উজনি অসমৰ গাঁওবোৰত এজন বা দুজন জিকিৰৰ ওজা থকাৰ লগতে কিছুসংখ্যক পালি বা সহযোগী আছিল, যিসকলে গাঁৱৰ কোনোবা মানুহৰ আমন্ত্ৰণক্ৰমে,গাঁৱত মানুহ ঢুকালে / বিয়া বা অন্য কোনো মাংগলিক কামত সমূহীয়া ভাৱে জিকিৰ পৰিৱেশন কৰাটো এক পৰম্পৰাগত নিয়ম আছিল । তাৰো বহু বছৰৰ আগৰে পৰা আজান পীৰ বিৰচিত জিকিৰবোৰ লিখি মুখস্থ কৰিব নাপায় বোলা এক ধাৰণাৰ বশৱৰ্তী হৈ মানুহে মৌখিকভাবে ইজনে সিজনৰ পৰা শুনি মুখস্থ ৰাখি পৰিৱেশন কৰিছিল । শতিকা গৰকি এইদৰে মুখে মুখে চলি অহা জিকিৰবোৰক প্ৰথমবাৰৰ বাবে কিতাপ আকাৰত প্ৰকাশ কৰিছিল প্ৰয়াত মুহিবুল হুচেইন চাহেবে ।১৯৫৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক – সাহিত্য গৱেষণা বিভাগে সাহিত্যচাৰ্য চৈয়দ আব্দুল মালিক চাহেবৰ সম্পাদনাত জিকিৰ আৰু জাৰী নামৰ গ্ৰন্থ প্ৰকাশ কৰি জিকিৰ আৰু জাৰীক এক বিশেষ গতি প্ৰদান কৰে । আজান পীৰ চাহেবৰ সৃষ্টি তথা আমাৰ সংস্কৃতিক শ্ৰদ্ধাৰে – একতাৰা,কৰ্তাল ব্যৱহাৰ কৰি সুৰৰ ব্যাকৰণ পাহৰি কৰা আল্লাহৰ জিকিৰ যেন আজি বনবাসত৷ হাৰমোনিয়াম, বাঁহী, দুতাৰা আৰু দগৰৰ মধুৰ ব্যাকৰণেৰে একেখিনি কথাকে গীত আকাৰত গালেহে যেন নেদেখাজন সন্তুষ্ট হব তাৰেই শ্ৰেষ্ঠজন হোৱাৰ যুঁজত শিল্পী আৰু অনাতাঁৰ শিল্পীসকলে যাত্ৰা কৰিছে এক গভীৰ বনত৷ অন্যহাতে একুৰি বা তাতোধিক জিকিৰ মুখস্থ ৰখি ওজা উপাধী পোৱাসকল হেৰাই গ’ল কালচক্ৰত৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে অসমখনক শংকৰ আজানৰ দেশ বুলি নকৈ শংকৰ মাধৱৰ দেশবুলি কোৱাত যিসকলৰ তেজ গৰম হৈছিল তেওঁলোকৰ অধিকাশংই জিকিৰ আৰু জাৰীৰ পাৰ্থক্য জনাতো দূৰৰে কথা সামাজিক মাধ্যমত পৰম্পৰাগত সুৰ, তালত গোৱা জিকিৰ এটা পালেও সেই জিকিৰটোক কোনোদিনে শ্বেয়াৰ কৰিব লাগে বুলিও নাভাবে ৷ সেই সকলৰ বহুতেই আকৌ আজান পীৰৰ নামত প্ৰতিষ্ঠা কৰিব খোজা আজান পীৰ ক্ষেত্ৰখন গুৱাহাটীত হ’ব লাগে বুলি চৰকাৰক দাবী জনায় । কাৰণটো হ’ল অসজস্ন পীৰ ক্ষেত্ৰখন গুৱাহাটীতে হ’লে ৰাজনৈতিক নেতাসকলৰ লগত একেলগে ফটো তুলি সেই ফটো প্ৰচাৰেৰে ৰাইজৰ মাজত নিজেকে মুছলমানৰ নেতা বুলি প্ৰতিপন্ন কৰাৰ সুযোগ পাব ৷ বহুতো সংগঠন আছে যিবোৰ সংগঠনে কৰ্মশালা আৰু প্ৰতিযোগিতাৰ মাধ্যমেৰে জিকিৰক আগুৱাই নিয়াৰ আপ্ৰাণ চেষ্টা কৰে যদিও বহুসময়ত কৰ্মশালাৰ গুৰুসকলে তিনিদিনতে হাতী মাৰি ভুৰুকাত ভৰাব খুজি কেতিয়া একোজনকৈ বাথৰুম চিংগাৰ সৃষ্টি কৰি দিয়ে সেই কথা গমকেই নাপায় ৷ এটা জিকিৰত আছে,”আজানপীৰ চাহেবে এই জিকিৰ ৰচিলে কোৰাণ কিতাপত পাই” — সমগ্ৰ মানৱ জাতিৰ ওপৰত অৱতীৰ্ণ হোৱা আচমানী কিতাপ অৰ্থাৎ কোৰাণৰ কথা কওঁতে নিজৰ পোছাকযোৰ কেনেকুৱা হোৱা দৰকাৰ তাকো বহুতো গুৰুৱে কৰ্মশালাত শিকাব লাগে বুলি নাভাবে ৷ বৰগীত গাওঁতে যেনেকৈ পৰম্পৰাগত ধৰ্মীয় সাজ-পোছাক পিন্ধি লোৱাটো জৰুৰী, তেনেকৈ জিকিৰৰ ক্ষেত্ৰতো উচিত পোছাক পিন্ধিব লগা কথাটো জৰুৰী নহয়নে ? উচিত পোছাক বুলি কওঁতে বহুতে পুৰুষে বগা কুৰ্তা, পাইজামা আৰু মহিলাই বোৰ্খা বা হিজাব পিন্ধিব লাগিব বুলি ধাৰণা কৰি ল’ব পাৰে । যদি সেয়াই সঁচা হয় তেন্তে আজান পীৰ চাহেবে সুদূৰ বাগদাদৰ পৰা পদব্ৰজে আহি অসমীয়া শিকি জিকিৰ সমূহ অসমীয়াত ৰচনা নকৰি আৰৱী ভাষাতে জিকিৰ ৰচনা কৰি বিলাই নিদিলেহেতেন নে ? নামাজ পঢ়োতে যেনেকৈ যিকোনো ৰঙৰ কাপোৰেই নহওক আঠুৰ তললৈ আৰু হাতৰ কিলাকুটিলৈ পৰিধান কৰাতো জৰুৰী তেনেকৈয়ে কাপোৰ পিন্ধি জিকিৰ গাব নোৱাৰি জানো ? আনহাতে প্ৰতিযোগিতা সমূহত কেতিয়াবা আকৌ কোনো কোনো বিচাৰকে নিজৰ ঘৰৰ বিয়াৰ খানা নিজৰ ঘৰৰ মানুহৰ মাজতেই বিলাই দিয়াৰ ভূমিকা পালন কৰা দেখা যায় ৷
ছকুৰি/ আঠকুৰি জিকিৰৰ ভিতৰত দহটা জিকিৰ সম্পূৰ্ণ মুখস্থ গাব জনা মানুহ বৰ্তমান বিচাৰি পাবলৈ টান ৷ ব্যাকৰণ সহ বহু জিকিৰক জিকিৰ গীতলৈ অনাতাঁৰ শিল্পী ৰেকিবুদ্দিন আহমেদ চাহেবে নিছিল যদিও তাৰে ১৫ টা মানহে প্ৰচাৰ হোৱা দেখা যায় ৷ অধিকাংশ জিকিৰত আকৌ Copyright লগোৱাই এচাম লোকে বেপাৰ কৰি মুনাফা লুটি থকা ৰাইজে নেদেখা নহয় । জিকিৰ সমূহ যিহেতু অসমীয়া সংস্কৃতিৰ অংগ সেয়ে আমি মাদ্ৰাছাসমূহত কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ পুৰণি সুৰত মাহে এটাকৈ অৰ্থাৎ বাৰ মাহত বাৰটা জিকিৰ ৰাতিপুৱাৰ প্ৰাৰ্থনাত গোৱাই আমাৰ সংস্কৃতিক ৰক্ষা কৰিব নোৱাৰোনে ? নহ’লে বাহিৰৰ পৰা অহা ইমামসকলে কেৱল নাতে ৰচুলক বাহাল ৰাখি আমাৰ জিকিৰক বেদাত / চিৰিক আখ্যা দি আমাৰ সংস্কৃতিক শেষ কৰি নিদিবনে ?
সেয়ে, শেষত ক’ব বিচাৰিছোঁ, “ধৰ্ম আৰু সংস্কৃতি দুটা পৃথক বিষয় । দুয়োটাকে সমানে আগুৱাই লৈ যাব পাৰিলেহে এখন সুন্দৰ সমাজ গঢ়িব পৰা যাব । আমি যদি এতিয়াও সজাগ নহওঁ তেনেহ’লে আমাৰ বনবাসত থকা জিকিৰ সংস্কৃতিক বনতে কিছুমান শিল্পী নামধাৰী বাঘে খাই শেষ কৰি পেলাবলৈ বেছি দিন বাট চাব নালাগিব । যিটো আমাৰ বাবে কেতিয়াও শুভ লক্ষণ নহয় ।